প্রধানমন্ত্ৰীৰ যক্ষ্মামুক্ত ভাৰত অভিযানৰ অংশ হিচাপে আজি চাবুৱাৰ মহাত্মা গান্ধী আদর্শ চিকিৎসালয়ত ৬০ গৰাকী যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান কৰা হয়। জিলা খনিজ ন্যাস নিধি – ডি এম এফ টিৰ তৰফৰ পৰা যোগান ধৰা এই খাদ্যৰ টোপোলাসমূহ চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই বিতৰণ কৰে। আদৰ্শ চিকিৎসালয়খনৰ সভাকক্ষত অনুষ্ঠিত বিতৰণ সভাত জিলা যক্ষ্মা বিষয়া ডাঃ ৰবি বৰুৱাই যক্ষ্ম ৰোগ সন্দৰ্ভত এটা সজাগতামূলক কাৰ্যসূচীৰ পৰিচালনা কৰে। সভাত পানীতোলা, চাবুৱা আৰু লাহোৱাল যক্ষ্মা চিকিৎসা খণ্ডৰ বিষয়া আৰু স্বাস্থ্যকর্মীসকল উপস্থিত থাকে।
Assamese | July 31, 2025 8:18 PM | chabuwa
চাবুৱাৰ মহাত্মা গান্ধী আদর্শ চিকিৎসালয়ত ৬০ গৰাকী যক্ষ্মা ৰোগীক পুষ্টিকৰ খাদ্যৰ টোপোলা প্ৰদান