কেন্দ্রীয় তদন্তকাৰী সংস্থা চি বি আয়ে নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰি তদন্ত আৰম্ভ কৰিছে। চি বি আইৰ সূত্ৰ অনুসৰি শিক্ষা মন্ত্ৰালয়ৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালকে দিয়া অভিযোগৰ ভিত্তিত এই এজাহাৰ দাখিল কৰা হৈছে। চি বি আয়ে সমগ্ৰ দেশতে এই বিষয়টোৰ এটা পুংখানুপুংখ তদন্ত আৰু এই বৃহৎ ষড়যন্ত্ৰৰ সবিশেষ উন্মোচন কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। এই বিষয়টোৰ তদন্তৰ বাবে চি বি আয়ে কেইবাটাও বিশেষ দল গঠন কৰিছে। চি বি আইৰ বিশেষ দলসমূহক পাটনা আৰু গোধ্ৰালৈ প্ৰেৰণ কৰা হৈছে। তদন্তকাৰী সংস্থাটোৱে গুজৰাট আৰু বিহাৰৰ পৰা কেইবাজনো নীট পৰীক্ষা কেলেংকাৰিত জড়িত সন্দেহজনক লোকৰ গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থাই যোৱা ৫ মে’ত নীট-ইউ জিৰ পৰীক্ষা অনুষ্ঠিত কৰিছিল। সময় দেশতে এই পৰীক্ষাত বিভিন্ন ধৰণৰ খেলিমেলিৰ তথ্য লাভ কৰা হৈছিল।
Assamese | June 24, 2024 12:00 PM | CBI registers FIR | starts investigation into alleged paper leak in NEET-UG examinations
নীট ইউ জি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত এজাহাৰ দাখিল কৰি চিবিআইৰ তদন্ত আৰম্ভ