কেন্দ্রীয় অনুসন্ধান সংস্থা চি বি আয়ে উত্তৰ প্ৰদেশৰ ছম্বলত কৰ্মৰত উত্তৰ ৰে’লৱেৰ এজন সহকাৰী মাণ্ডলিক অভিযন্তা আৰু তেওঁৰ তলতীয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকে এজন লোকৰ পৰা উৎকোচ লৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰা হয়। চি বি আয়ে জাৰি কৰা এখন বিবৃতি অনুসৰি লোক দুজনৰ বিৰুদ্ধে এটা ব্যক্তিগত কোম্পানীৰ অনাদায় হৈ থকা এখন বিল মোকলাই দিয়াৰ বাবদ দুই শতাংশ ধন উৎকোচ হিচাপে গ্ৰহণ কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছিল। চি বি আইৰ দলটোৱে লাভ কৰা অভিযোগ অনুসৰি চলোৱা অভিযানত দুয়োজন অভিযুক্তকে ৩৪ হাজাৰ টকা উৎকোচ গ্রহণ কৰি থকা অৱস্থাতে হাতেলোটে ধৰা পেলোৱা হয়।
Assamese | July 5, 2025 8:41 PM | CBI
উত্তৰ প্ৰদেশত উত্তৰ ৰে’লৱেৰ এজন সহকাৰী মাণ্ডলিক অভিযন্তা আৰু তেওঁৰ তলতীয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ চি বি আয়ৰ