কেন্দ্রীয় অনুসন্ধান সংস্থা- চি বি আইয়ে জনজাতি কল্যাণ পৰিষদৰ কেলেংকাৰিৰ সন্দৰ্ভত কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ ১৬টা বিভিন্ন স্থানত তালাচী অভিযান চলায়। উল্লেখযোগ্য যে এই কেলেংকাৰিৰ সৈতে জড়িত থকাৰ অভিযোগত কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী বি নগেন্দ্ৰ জে’ললৈ গৈছিল। চি বি আইৰ এটা সূত্ৰ মতে কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আত্মীয় এই কেলেংকাৰিৰ জৰিয়তে চৰকাৰী ধন আত্মসাৎ কৰিছিল। ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ডিজিএমৰ এটা লিখিত অভিযোগৰ ভিত্তিত যোৱা বছৰৰ জুন মাহত চি বি আইয়ে কেলেংকাৰি সন্দৰ্ভত এটা গোচৰ ৰুজু কৰিছিল। এই অভিযোগ অনুসৰি অভিযুক্তই বেংগালুৰুৰ ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ একাউণ্টত জমা থকা কৰ্ণাটকৰ মহর্ষি বাল্মিকী অনুসূচীত জনজাতি উন্নয়ন নিগম লিমিটেডৰ ৮৪ কোটি ৬৩ লাখ টকা প্ৰবঞ্চনা আৰু জালিয়াতিৰে সৰকাই নিছিল।
Assamese | September 16, 2025 1:24 PM | CBI
জনজাতি কল্যাণ পৰিষদৰ কেলেংকাৰিৰ সন্দৰ্ভত কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশত চি বি আইৰ তালাচী অভিযান