আঞ্চলিক সংবাদ

July 5, 2024 12:40 PM

views 15

২০২৪ বৰ্ষৰ ই-গভর্নেন্সৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে শিক্ষা সেতু অসমক বাছনি

কেন্দ্ৰীয় চৰকাৰে প্ৰশাসনিক সংস্কাৰ আৰু জন অভিযোগ বিভাগত ২০২৪ বৰ্ষৰ ই-গভর্নেন্সৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে শিক্ষা সেতু অসমক বাছনি কৰিছে। অহা ৮ আৰু ৯ আগষ্টত মুম্বাইত অনুষ্ঠিত হ'বলগীয়া ই- গভর্নেন্সৰ ২৭ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনৰ সময়তে সমগ্র শিক্ষা অসমক এই বঁটা প্ৰদান কৰা হ'ব বুলি শিক্ষামন্ত্রী ডা০ ৰণোজ ...

July 5, 2024 12:38 PM

views 36

নিটি আয়োগ সম্পূর্ণতা অভিযান শীৰ্ষক বিশেষ অভিযানৰ শুভাৰম্ভ

দেশৰ বৃহৎ সংখ্যক নাগৰিকৰ অংশগ্রহণেৰে নিটি আয়োগ সম্পূর্ণতা অভিযান শীৰ্ষক বিশেষ অভিযানৰ কালি শুভাৰম্ভ কৰে। মুঠ ১১২ খন অভিলাষী জিলা আৰু ৫০০টা অভিলাষী খণ্ডত এই অভিযানৰ উন্মোচনী অনুষ্ঠানৰ আয়োজন কৰা হয়। অহা ৩০ ছেপ্তেম্বৰলৈকে ৩ মাহজুৰি চলিবলগীয়া এই অভিযানৰ লক্ষ্য হৈছে সকলো অভিলাষী জিলা আৰু খণ্ডত ১২টা ম...

July 5, 2024 12:35 PM

views 28

বানৰ জটিল ৰূপৰ সমান্তৰালকৈ ৰাজ্যত অভাৱনীয় হাৰত পাচলিৰ দাম বৃদ্ধি

ৰাজ্যত বানে জটিল ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ বিভিন্ন প্ৰান্তত পাচলিৰ বজাৰত অভাৱনীয় হাৰত দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে। পাইকাৰী বজাৰত মাত্ৰ এসপ্তাহৰ ভিতৰতে প্ৰতিবিধ পাচলিৰ মূল্য প্ৰতি কিলো গ্ৰামত ৪০ টকা পৰ্যন্ত বৃদ্ধি হৈছে। মৰিগাঁও জিলাত বানৰ সুযোগ লৈ একাংশ ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ দৰ বৃদ্...

July 5, 2024 12:32 PM

views 43

সাম্প্ৰতিক বানত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৯০ শতাংশ অঞ্চল প্লাবিত

ৰাজ্যত বানে জটিলৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বনাঞ্চলসমূহৰ জীৱ- জন্তুৱেও দুর্ভোগ ভুগিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা গড়কে ধৰি ১৭ টা জন্তু বানত ডুবি মৃত্যু হোৱাৰ বিপৰীতে বনবিভাগে আন ৭২ টা জন্তুক উদ্ধাৰ কৰিবলৈ সমৰ্থ হৈছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ৩২ টা বন্য জীৱ স...

July 5, 2024 12:29 PM

views 38

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ সকলো প্ৰচেষ্টা অব্যাহত

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বান পৰিস্থিতি নিৰীক্ষণ আৰু নিয়ন্ত্ৰণৰ লগতে সাহায্য প্ৰদানৰ কাম তৎপৰতাৰে আগবঢ়াই নিয়াৰ উদ্দেশ্যে চৰকাৰে সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটী মহানগৰীৰ পাণ্ডুত বানৰ কবলত পৰা অঞ্চলসমূহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তেওঁ কয় যে, ব্ৰহ্মপ...

July 5, 2024 12:24 PM

views 50

অসমৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ

ৰাজ্যৰ বান পৰিস্থিতি বর্তমানেও শোচনীয় হৈ আছে। ৰাজ্যিক দুৰ্যোগ প্রশমন আৰু ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি বৰ্তমানে ২৯ খন জিলাৰ ৩ হাজাৰ ২০৮ খন গাঁও জলমগ্ন হৈ আছে। ৰাজ্যৰ ২১ লাখ ১৩ হাজাৰতকৈও অধিক লোক এই বানত ক্ষতিগ্ৰস্ত হোৱাৰ বিপৰীতে ৫৭ হাজাৰৰো অধিক হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে। বিগত ২৪ ঘণ্টাত ৬ গৰ...

July 4, 2024 9:21 PM

views 50

সাম্প্ৰতিক বানত মৃত্যু হোৱা তিনিচুকীয়াৰ নিৱাসী শিৱানুজ তিৰ্কিৰ পৰিয়ালক মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সাক্ষাৎ

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সাম্প্ৰতিক বান পৰিস্থিতিৰ ফলত অলপতে মৃত্যু হোৱা তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ হাতিঘূলিৰ ৩ নম্বৰ ন-বৰমূৰা নিৱাসী শিৱানুজ তিৰ্কিৰ পৰিয়ালক আজি সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰ...

July 4, 2024 9:13 PM

views 39

দেশত বলৱৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ সজাগতা সভা

পহিলা জুলাইৰ পৰা দেশত বলৱৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত আজি বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত সমাজ কল্যাণ বিভাগৰ অধীনত কৰ্মৰত শিশু উন্নয়ন প্রকল্প বিষয়া আৰু ছুপাৰ ভাইজাৰসকলক আইন তিনিখনৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰোৱা হয়। এই সভাত প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু...

July 4, 2024 9:09 PM

views 31

আজি সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ দ্বাদশ পূণ্য তিথি

কবিতাৰে জনতাৰ হৃদয় জয় কৰা সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ দ্বাদশ পূণ্য তিথিত আজি অনুৰাগীসকলৰ লগতে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে তেওঁক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছে। অসমীয়া কাব্য সাহিত্য জগতৰ অন্যতম ভোটা তৰা কবিগৰাকীলৈ শ্রদ্ধা নিবেদন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অতুলনীয় শব্দ সম্ভাৰ...

July 4, 2024 6:40 PM

views 80

সাম্প্ৰতিক বানত ৰাজ্যৰ ২৯ খন জিলাৰ ১৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

ৰাজ্যৰ সাম্প্ৰতিক বানত ২৯ খন জিলাৰ ১৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। যোৱা ২৪ ঘণ্টাত ৮ জন লোকৰ বানত মৃত্যু হোৱাৰ ফলত শেহতীয়া বানত মৃত্যু হোৱা লোকৰ সংখ্যা ৪৬ লৈ বৃদ্ধি হৈছে। আনহাতে, তিনিজন লোক সন্ধানহীন হৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি ২,৮০০ খন গাঁও বানৰ কবলত পৰাৰ লগত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।