আঞ্চলিক সংবাদ

December 19, 2025 12:14 PM

views 23

শিৱসাগৰ জিলাত অনুষ্ঠিত সামর্থ্য বৃদ্ধি প্রশিক্ষণ কাৰ্যসূচীৰ সামৰণি

আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰেৰে মুকুতা খেতিৰ বাবে কৃষকসকলক ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদানৰ উদ্দেশ্যে শিৱসাগৰ জিলাত যোৱা ১৭ ডিচেম্বৰৰ পৰা অনুষ্ঠিত সামর্থ্য বৃদ্ধি প্রশিক্ষণ কাৰ্যসূচীৰ কালি সামৰণি পৰে। জয়সাগৰৰ মৎস্য প্রশিক্ষণ প্ৰতিষ্ঠানৰ অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত এই প্রশিক্ষণ কাৰ্যসূচীত জিলাখনৰ ৫ গৰাকী প...

December 19, 2025 12:13 PM

views 34

মাঘ বিহুৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সমূহীয়া মাছ ধৰাত নিষেধাজ্ঞা বলৱৎ কৰিবলৈ সংশ্লিষ্ট বিভাগ-উদ্যান কৰ্তৃপক্ষক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

মাঘ বিহুৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত সমূহীয়া মাছধৰাৰ বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰ, সংশ্লিষ্ট বিভাগ আৰু উদ্যান কৰ্তৃপক্ষক অবৈধ মাছধৰা ৰোধ কৰাৰ বাবে আৱশ্যকীয় নিষেধাজ্ঞা বলৱৎ কৰিবলৈ নিৰ্দেশ দিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ ...

December 19, 2025 12:12 PM

views 28

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযোগনামা ৰাজহুৱা কৰাৰ অভিযোগত বিধায়ক অখিল গগৈৰ বিৰুদ্ধে এছ আই টিৰ গোচৰ ৰুজু

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযোগনামা ৰাজহুৱা কৰাৰ অভিযোগত বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ বিৰুদ্ধে এছ আই টিয়ে গোচৰ ৰুজু কৰিছে। এছ আই টিয়ে যোৱা ১২ ডিচেম্বৰত আদালতত দাখিল কৰা গোচৰটোৰ অভিযোগনামাৰ প্ৰতিলিপি আইন বহিঃভূতভাৱে বিধায়কগৰাকীয়ে ৰাজহুৱা কৰাৰ অভিযোগত এছ আই টিৰ মুখ্য তদন্তকাৰী...

December 19, 2025 12:08 PM

views 37

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সন্দৰ্ভত বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত সভা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সন্দৰ্ভত কালি বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত এখন প্রস্তুতি সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, দলৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুকে ধৰি অন্যান্য মন্ত্রী, বিধায়ক তথা দলীয় কর্মকর্তাসকল উপস্থ...

December 19, 2025 12:07 PM

views 48

নামৰূপৰ এম’নিয়া-ইউৰিয়া ব্রাউনফিল্ড প্রকল্প নিৰ্মাণৰ বাবে ভূমি আবণ্টনত মন্ত্ৰীসভাৰ অনুমোদন

অসম মন্ত্রীসভাই নামৰূপৰ এম’নিয়া-ইউৰিয়া ব্ৰাউনফিল্ড প্রকল্প নিৰ্মাণৰ বাবে প্রয়োজন হ'বলগীয়া ভূমি আবণ্টনত অনুমোদন জনাইছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এখন সংবাদমেলত এই বিষয়ে প্ৰকাশ কৰে। মন্ত্রীসভাই ধেমাজি জিলাৰ কাৰেং চাপৰিত চি আৰ পি ...

December 19, 2025 12:05 PM

views 56

দুদিনীয়া ভ্রমণসূচীৰে কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

দুদিনীয়া ভ্রমণসূচীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ অসমলৈ আহিব। প্রধানমন্ত্ৰীগৰাকীয়ে কাইলৈ গুৱাহাটীত অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। তেওঁ লগতে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নৱনিৰ্মিত টার্মিনেল উদ্বোধন কৰিব। এই টার্মিনে...

December 19, 2025 11:50 AM

views 225

বিকশিত ভাৰত G RAM G বিধেয়ক সংসদত গৃহীত

বিকশিত ভাৰত G RAM G অর্থাৎ বিকশিত ভাৰত গ্ৰামীণ নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান বিধেয়ক সংসদত গৃহীত হৈছে। ৰাজ্যসভাই যোৱানিশা বিধেয়কখন গ্ৰহণ কৰে। বিধেয়কখন কালি লোকসভাত গৃহীত হৈছিল। এই বিধেয়কখনৰ জৰিয়তে চৰকাৰে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগী অনুযায়ী ...

December 18, 2025 7:39 PM

views 25

নিখিল ভাৰত কংগ্ৰেছৰ মুখপাত্ৰ আৰু মিডিয়া পেনেলিষ্ট বাছনি প্ৰক্ৰিয়াৰ প্রথম পৰ্য্যায়ৰ সাক্ষাৎকাৰ অনুষ্ঠিত

ৰাষ্ট্ৰীয় প্রেক্ষাপটত নিখিল ভাৰত কংগ্ৰেছৰ মুখপাত্ৰ আৰু মিডিয়া পেনেলিষ্ট বাছনি প্ৰক্ৰিয়াৰ অধীনত আজি প্রথম পৰ্য্যায়ৰ সাক্ষাৎকাৰ গুৱাহাটীৰ লগতে ৰাজ্যৰ ছখন জিলাত অনুষ্ঠিত হয়। তিনি শতাধিক প্রার্থীয়ে আজি এই সাক্ষাৎকাৰ প্ৰক্ৰিয়াত অংশ লয়। গুৱাহাটীত দিনৰ ১০ বজাৰ পৰা অনুষ্ঠিত এই কাৰ্য্যসূচীত প্রাক্তন সাংসদ ৰি...

December 18, 2025 7:35 PM

views 64

বি টি চিলৈ ২৫০ কোটি টকা আবণ্টনত অসম মন্ত্রীসভাৰ অনুমোদন

অসম মন্ত্রীসভাই বি টি চিলৈ ২৫০ কোটি টকা আবণ্টনৰ বাবে অনুমোদন জনাইছে। আজি দিছপুৰত অনুষ্ঠিত মন্ত্রীসভাৰ বৈঠকৰ পাছত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এখন সংবাদমেলত এই বিষয়ে প্রকাশ কৰে। মুখ্যমন্ত্রীয়ে চাহ শ্রমিকক ভূমি প্ৰদানৰ বাবে ভূমি চিলিং সংশোধন কৰা সন্দর্ভত মন্ত্রীসভাই অনুমোদন জনোৱাৰ কথাও উল্লেখ ক...

December 18, 2025 7:12 PM

views 52

শনিবাৰে আকাশবাণীৰ দৃষ্টিপাতত কেন্দ্ৰীয় চৰকাৰৰ নতুন ১২৫ দিনীয়া নিয়োগ নিশ্চিত আঁচনি সন্দর্ভত আলোচনা প্ৰচাৰ

আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত কেন্দ্ৰীয় চৰকাৰৰ নতুন ১২৫ দিনীয়া নিয়োগ নিশ্চিত আঁচনি সন্দর্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা আৰু অসম ৰাজ্যিক বিজেপিৰ মুখপাত্র ড° দেৱজিৎ মহন্তই অংশগ্রহণ কৰিব। অনুষ্ঠানটিৰ পৰিকল্পনা বাতৰি বিভাগ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।