ঝাৰখণ্ডত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ আজি বিয়লি ৫ বজাত সামৰণি পৰে। অৱশ্যে নক্সাল অধ্যুষিত অঞ্চলসমূহত বিয়লি ৪ বজাত প্ৰচাৰ অভিযানৰ অন্ত পৰে। এই পৰ্যায়ত ৪৩ টা সমষ্টিৰ বাবে পৰহিলৈ ভোটগ্রহণ কৰা হ’ব। এন ডি এ আৰু ইণ্ডি মিত্রজোটে বিভিন্ন বিষয় লৈ ভোটদাতাৰ মন জয় কৰাৰ প্ৰয়াস চলায়। এন ডি এই হেমন্ত ছোৰেন চৰকাৰৰ বিৰুদ্ধে দুর্নীতি, বাংলাদেশী অনুপ্ৰৱেশ, নিবনুৱা সমস্যা আদিৰ বিষয় লৈ প্ৰচাৰ চলোৱাৰ বিপৰীতে ইণ্ডি মিত্ৰজোঁটে কেন্দ্ৰৰ দ্বাৰা ঝাৰখণ্ডৰ প্রতি বৈষম্য দেখুওৱা আৰু উপযুক্ত পুঁজিৰ আবণ্টন নিদিয়া আদি বিষয় লৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়। এন ডি এৰ হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, যোগী আদিত্যনাথ, শিৱৰাজ সিং চৌহান, হিমন্ত বিশ্ব শৰ্মা, চিৰাগ পাছোৱান, মিথুন চক্ৰৱৰ্তী, ৰবি কিষাণ আদি তাৰকা প্ৰচাৰকসকলে নির্বাচনী প্ৰচাৰত ভাগ লয়। আনহাতে, হেমন্ত ছোৰেন, ৰাহুল গান্ধী, মল্লিকার্জুন খাৰ্গে, লালু প্ৰসাদ যাদৱ আৰু তেজস্বী প্ৰসাদ আদি তাৰকা প্ৰচাৰকসকলে ইণ্ডি মিত্ৰজোঁটৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
Assamese | November 11, 2024 8:31 PM | Campaigning ends for 1st phase of Jharkhand assembly polls
ঝাৰখণ্ডত প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি