কাছাৰ জিলাৰ চন্দ্ৰনাথপুৰ-লংকা সংযোগী দ্বিতীয়টো ৰে‘লপথ নিৰ্মাণৰ কাম শীঘ্ৰেই আৰম্ভ কৰাৰ দাবীত শিলচৰ-লামডিং ব্রডগেজ ৰে‘লপথ ৰূপায়ণ সংগ্ৰাম সমিতিয়ে ৰে‘লমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। আজি সমিতিৰ সদস্যসকলে এই স্মাৰক পত্ৰৰ প্ৰতিলিপি ৰাজ্যসভাৰ সাংসদ সুস্মিতা দেৱক প্ৰদান কৰে। সাংসদগৰাকীয়ে সদনত এই ৰে‘লপথটো নিৰ্মাণৰ দাবী উত্থাপন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। উল্লেখযোগ্য যে এই ৰে‘লপথটো নিৰ্মাণৰ বাবে ৰে‘ল বিভাগে ইতিপূৰ্বে জৰীপ আৰম্ভ কৰিছিল। এই ৰে‘লপথটো নিৰ্মাণ হ‘লে অঞ্চল দুটাৰ মাজত যাত্ৰাৰ সময় হ্ৰাস পাব আৰু ভূমিস্খলন প্ৰৱন পাহাৰৰ কাষেৰে যাত্ৰা কৰাৰ শংকা দূৰ হ‘ব বুলি জনসাধাৰণে প্ৰকাশ কৰিছে।
Assamese | March 4, 2025 8:03 PM | cacher rail
শিলচৰ-লামডিং ব্রডগেজ ৰে’লপথ ৰূপায়ণ সংগ্ৰাম সমিতিৰ ৰে’লমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ