উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদে আজি পৰিষদৰ অধীনৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা ৮৭৪ গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ বিতৰণ কৰে। পৰিষদৰ এই পদক্ষেপ ৰাজহুৱা সেৱা প্ৰদান ব্যৱস্থা ত্বৰান্বিত কৰাৰ লগতে স্থানীয় পৰ্যায়ত উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এই অনুষ্ঠানতে নাৰ্ছাৰী আৰু প্ৰথম শ্ৰেণীৰ বাবে পৰিষদে ডিমাচা মাধ্যমৰ পাঠ্যপুথি বিতৰণৰ শুভাৰম্ভ কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ অধীনত স্থানীয় ভাষাত শিক্ষাদানৰ উৎসাহিত কৰাৰ বাবে দিয়া পৰামৰ্শ অনুসৰি এই পদক্ষেপ লোৱা হৈছে। আজিৰ অনুষ্ঠানত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গাৰ্লোচা, অধ্যক্ষ মোহিত হোজাইৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | September 19, 2024 7:02 PM | cachar requitment 874
উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন বিভাগত ৮৭৪গৰাকী প্ৰাৰ্থীক নিযুক্তিপত্ৰ প্ৰদান