কাছাৰৰ বৰখলা বিধানসভা সমষ্টিৰ অন্তৰ্গত শিলকুৰিত সমাজ কল্যাণ বিভাগৰ অধীনত আজি ৱৰ্কিং ৱমেন হোষ্টেল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰা হয়। বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে ৮ কোটি ৪০ লাখ টকা ব্যয় সাপেক্ষ হোষ্টেলখনৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত শিলচৰৰ সাংসদ পৰিমল শুক্লবৈদ্য, জিলা আয়ুক্ত মৃদুল যাদৱ, ভাৰপ্ৰাপ্ত সমাজ কল্যাণ বিষয়া দীপা দাসসহ আন আন বিভাগীয় ব্যক্তিসকলো উপস্থিত থাকে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰী কৌশিক ৰায়ে কয়, যে ৱৰ্কিং ৱ’মেন হোষ্টেল নির্মাণ হ’লে বিভিন্ন বিভাগত কৰ্মৰত মহিলাসকল বহু পৰিমাণে উপকৃত হ’ব।
Assamese | October 4, 2025 8:29 PM | Cachar District
কাছাৰৰ শিলকুৰিত সমাজ কল্যাণ বিভাগৰ অধীনত ৱৰ্কিং ৱমেন হোষ্টেলৰ আধাৰশিলা স্থাপন