আজি পৱিত্ৰ বুদ্ধ পূর্ণিমা। এই দিনটোতে গৌতম বুদ্ধই জন্মগ্ৰহণ কৰাৰ উপৰি সিদ্ধি লাভ আৰু মহা পৰিনিৰ্বাণ হৈছিল। আজি বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে পৱিত্ৰতাৰে এই দিনটো উদযাপন কৰে। দৰং জিলাৰ পানেৰী থানাৰ অন্তৰ্গত আনাধুৱাপাৰাত মাংগলিক ৰীতি-নীতিৰে বুদ্ধ পূর্ণিমা পালন কৰা হৈছে। এই উপলক্ষে বিভিন্ন স্থানৰ পৰা ভক্তৰ সমাগম হৈছে। ইপিনে কামৰূপ জিলাৰ আমিনগাঁৱৰ বৌদ্ধ মন্দিৰ আৰু ৰঙিয়াত ১৯৪৩ চনত নির্মিত বৌদ্ধ স্তূপৰ সমীপত আজি দিনজোৰা কাৰ্যসূচীৰে বৌদ্ধ পূর্ণিমা পালন কৰা হয়। এই উপলক্ষে ধর্মীয় পতাকা উত্তোলন, মাংগলিক কার্যসূচী, ধ্যান, ভজন আদি অনুষ্ঠিত হয়। ইপিনে আমিনগাঁও পাহাৰৰ বৌদ্ধ মন্দিৰত চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা অহা বহু সংখ্যক ভক্তই পূজা-অৰ্চনাত অংশগ্ৰহণ কৰে। উত্তৰ গুৱাহাটী জয়গুৰু ভূটান ৰাজপৰিয়ালৰ বৌদ্ধ বিহাৰতো বুদ্ধ পূৰ্ণিমাৰ কাৰ্যসূচী লোৱা হয়। ভিন্ন ধৰ্মাৱলম্বী লোকে আজি বুদ্ধ পূর্ণিমা উপলক্ষে ইয়াত সমৱেত হৈ পূজা-অৰ্চনা কৰে। ইফালে শিৱসাগৰৰ বৰপুখুৰীৰ পাৰত থকা বৌদ্ধ বিহাৰত আজি পুৱাৰে পৰা বুদ্ধ পূর্ণিমা পালন কৰা হয়। এই উপলক্ষে প্রভাত বন্দনা, চাফাই অভিযান আৰু গছপুলি ৰোপণ কৰা হয়। শিৱসাগৰৰ বৌদ্ধ বিহাৰত কেইবা শতাধিক লোকে বন্তি প্ৰজ্বলন কৰি শান্তি-সম্প্ৰীতিৰ হকে প্ৰাৰ্থনা কৰে। দুপৰীয়া বৌদ্ধ ভিক্ষুসকলক শিৱসাগৰৰ বৌদ্ধ বিহাৰৰ মহিলা সমিতিয়ে অন্নদান কৰে। এই উপলক্ষে বোধিবৃক্ষ শীর্ষক এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়।
Assamese | May 23, 2024 8:35 PM | Buddha Purnima
ৰাজ্যৰ ভিন্ন প্ৰান্তত বুদ্ধ পূৰ্ণিমা পালন