বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে আজি বিটিচিৰ ৫ খন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰিছে। চিৰাং, কোকৰাঝাৰ, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ ফটো সম্বলিত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰা হয়। ইপিনে চিৰাং জিলাৰ অন্তৰ্গত ৭টা পৰিষদীয় সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। কাজলগাঁৱৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত ৰাজনৈতিক দলৰ প্ৰতিনিধি আৰু সংবাদ মাধ্যমৰ উপস্থিতিত জিলা আয়ুক্ত তথা জিলা নির্বাচনী বিষয়া যতীন বৰাই আনুষ্ঠানিকভাৱে ফটো সম্বলিত চূড়ান্ত ভোটাৰ তালিকা প্রকাশ কৰে। এইবাৰ চিৰাং জিলাৰ ৭টা পৰিষদীয় সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ৩ লাখ ৯৮ হাজাৰ ৬৪৩ গৰাকী। ইয়াৰে এক লাখ ৯৮ হাজাৰ ৩৩২ জন হৈছে পুৰুষ ভোটাৰ। মহিলা ভোটাৰৰ সংখ্যা ২ লাখ ৩০৯ গৰাকী বুলি জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।
Assamese | August 13, 2025 9:25 PM | btc voter list published
বিটিচি পৰিষদীয় নিৰ্বাচনৰ বাবে ৫খন জিলাৰ চূড়ান্ত ভোটাৰ তালিকা প্রকাশ