আসন্ন বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলে বি টি আৰৰ অন্তৰ্গত জিলা কেইখনত তৎপৰতা অব্যাহত ৰাখিছে। ইউ পি পি এল দলে আজি কোকৰাঝাৰত সুসংগত বড়োলেণ্ড শীৰ্ষক এটা সমদলৰ আয়োজন কৰে। কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা এই সমদল শুভাৰম্ভ কৰা হয়। বি টি আৰৰ মুখ্য কাৰ্যবাহী সহস্য আৰু ইউ পি পি এলৰ সভাপতি প্রমোদ বড়ো, মন্ত্রী ঊৰ্খাও গৌৰা ব্ৰহ্ম, সাংসদ জয়ন্ত বসুমতাৰী, বিধায়ক লৰেন্স ইছলাৰীকে ধৰি কেইবাগৰাকীও নেতাই সমদলত অংশ লয়। জনসাধাৰণক সম্বোধন কৰি বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য শ্রী বড়োৱে কয়, যে বড়োলেণ্ডবাসীয়ে এতিয়া দুঃচিন্তা আৰু উদ্বিগ্নতামুক্ত জীৱন যাপন কৰিবলৈ সমৰ্থ হৈছে। মন্ত্ৰী ঊৰ্খাও গৌৰা ব্ৰহ্মই বড়োলেণ্ডৰ বিভিন্ন জনগোষ্ঠীৰ মাজত কোনো সংঘাট নাই বুলি মন্তব্য কৰে। ইপিনে এই নির্বাচনৰ বাবে ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেলে আজি ৩০ জনীয়া প্ৰথমখন প্রার্থী তালিকা প্রকাশ কৰিছে। দলৰ কেন্দ্ৰীয় উপ-সভাপতি ললিত পেগুৰ উপস্থিতিত ৰাজ্যিক সভাপতি তৰণী বসুমতাৰীয়ে চিৰাং জিলা প্ৰেছ ক্লাবত এয়োজিত সংবাদমেলত এই তালিকা ঘোষণা কৰে ।
Assamese | August 25, 2025 8:38 PM | btc election rally
বিটিচি পৰিষদীয় নিৰ্বাচনক লৈ বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা অব্যাহত