বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্রহণ আজি পুৱাৰে পৰা আৰম্ভ হৈছে। ভোট কেন্দ্ৰ সমূহত পুৱাৰে পৰা ভোটদাতাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰাৰ বাবে দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে। বিটিচিৰ মুঠ ৪০ টা সমষ্টিৰ বাবে ৩ হাজাৰ তিনিশ ৫৯ টা ভোটকেন্দ্ৰত ভোট গ্রহণ কৰা হৈছে। এইবাৰ নিৰ্বাচনত ৩১৬ গৰাকী প্রার্থীয়ে প্রতিদ্বন্দিতা আগবঢ়াইছে। ২৬ লাখ ৫৮ হাজাৰ ১৫৩ গৰাকী ভোটাৰে এইসকল প্ৰাৰ্থীৰ ভাগ্য নির্ণয় কৰিব। উল্লেখযোগ্য যে, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউ পি পি এলৰ মুৰববী প্রমোদ বড়োৱে গয়বাৰী আৰু দোতমা সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে। বি পি এফৰ মুৰববী তথা প্রাক্তন মুখ্য কাৰ্যবাহী সদস্য হাগ্রামা মহিলাৰীয়ে দেৱৰ গাঁও আৰু চিৰাং দুৱাৰ সমষ্টিত প্ৰতিদ্বন্দিতা কৰিছে। বিটিআৰৰ অন্যান্য পৰিষদীয় সমষ্টিৰ লগতে ওদালগুৰি জিলাৰ ১০ টা সমষ্টিৰ ভোটকেন্দ্ৰ সমূহতো পুৱাৰে পৰা ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছে। ইপিনে চিৰাং জিলাৰ ৭ টা পৰিষদীয় সমষ্টিৰ ভোটকেন্দ্ৰ সমূহতো পুৱাৰে পৰা ভোটদাতাই ভিৰ কৰিছে। বাক্সা জিলাৰ ভোটকেন্দ্ৰ সমূহতো ভোটাৰৰ যথেষ্ট ভিৰ দেখা গৈছে।
Assamese | September 22, 2025 11:40 AM
বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্রহণ আজি পুৱাৰে পৰা আৰম্ভ