সীমান্ত নিৰাপত্তা বাহিনী, বি এছ এফে চলোৱা অভিযানত বিগত বৰ্ষৰ জানুৱাৰীৰ পৰা কালিৰ দিনটোলৈকে ৫ জন পাকিস্তানী অনুপ্রেৱেশকাৰী নিহত হোৱাৰ লগতে ভাৰতৰ ভূ-ভাগত অবৈধভাৱে প্ৰৱেশ কৰিবলৈ বিচৰা আন ৩০ জন পাকিস্তানৰ নাগৰিক আটক হয়। বি এছ এফৰ অতিৰিক্ত সঞ্চালক প্রধান সতীশ খাণ্ডাৰেই কালি সন্ধিয়া অমৃতসৰত সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয়, যে এই সময়ছোৱাত বাহিনীটোৱে ভাৰতৰ ১০১ জন চোৰাং ব্যৱসায়ীকো আটক কৰে। বাহিনীটোৰ আন কেইবাগৰাকীও উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত কালি অনুষ্ঠিত সংবাদমেলত বি এছ এফে এই অভিযানৰ সময়ছোৱাত জব্দ কৰা অস্ত্ৰ-শস্ত্ৰ আৰু নিচাযুক্ত সামগ্ৰীসমূহৰো তথ্য দাঙি ধৰে। অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীয়ে সীমান্তৰে সংঘটিত অপৰাধমূলক কাৰ্যসমূহ প্রতিহত কৰাৰ ক্ষেত্ৰত গাঁও প্ৰতিৰক্ষা সমিতিসমূহে আগবঢ়োৱা সহায়-সহযোগিতাৰো শলাগ লয়।
Assamese | January 27, 2025 5:58 PM | BSF
বি এছ এফৰ অভিযানত ৫ জন পাকিস্তানী অনুপ্রেৱেশকাৰী নিহত আৰু ৩০ জন পাকিস্তানৰ নাগৰিক আটক