অসমকন্যা যুৱ বিজ্ঞানী বৃন্দা কাশ্যপে ২০২৪ বৰ্ষৰ কাৰণে ইউনেস্কোৰ মেন এণ্ড বায়’ডাইভাৰছিটি য়ং ছাইণ্টিষ্ট বঁটা লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সমৰ্থ হৈছে। দেশৰ ভিতৰত একমাত্ৰ যুৱ বিজ্ঞানী হিচাপে এই সন্মান লাভ কৰিবলৈ সমৰ্থ হোৱা শ্ৰীকাশ্যপক অভিনন্দন জ্ঞাপন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে যুৱ বিজ্ঞানীগৰাকীৰ সফল ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। উল্লেখযোগ্য যে ১৯৮৯ চনত প্ৰৱৰ্তন কৰা ইউনেস্কোৰ এই বঁটাত জৈৱ বৈচিত্ৰ, প্ৰাকৃতিক সম্পদ আৰু পৰিবেশ তন্ত্র বিষয়ত গৱেষণা কৰি থকা যুৱ বিজ্ঞানীসকলক উৎসাহিত কৰাৰ বাবে ৫ হাজাৰ ইউ এছ ডলাৰৰ গৱেষণা সাহায্য আগবঢ়োৱা হয়।
Assamese | July 13, 2024 8:49 PM | brinda kashyap unesco award
অসমকন্যা যুৱ বিজ্ঞানী বৃন্দা কাশ্যপৰ ২০২৪ বৰ্ষৰ ইউনেস্কোৰ মেন এণ্ড বায়’ডাইভাৰছিটি য়ং ছাইণ্টিষ্ট বঁটা লাভ