ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মীয়মান পলাশবাৰী – শুৱালকুছি সংযোগী দলং নিৰ্মাণৰ কাম অহা ৪ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব। দলং নিৰ্মাণৰ দায়িত্বত থকা এল এণ্ড টি সংস্থাই আজি এখন সংবাদমেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰে। এই দলংখন উত্তৰ পূৱৰ ভিতৰতে অত্যাধুনিক দলং হব বুলি সংস্থাটোৱে উল্লেখ কৰে। প্ৰায় ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত দলংখনৰ দুয়োকাষে ফুটপথ আৰু চাইকেল চলাব পৰাকৈ বিশেষ সুবিধা থাকিব। বর্তমান নিৰ্মাণৰ কাম চলি থকাৰ বাবে সাধাৰণ লোক তথা মাছমৰিয়াসকলৰ সুৰক্ষাৰ বাবে হালধীয়া আৰু ৰঙা ৰঙৰ সংকেত দিয়া হৈছে বুলি সংস্থাটোৰ বিষয়াই জানিবলৈ দিয়ে।
Assamese | May 27, 2025 7:54 PM | over bridge
পলাশবাৰী – শুৱালকুছি সংযোগী দলং নিৰ্মাণৰ কাম অহা ৪ বছৰৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি নিৰ্মাণকাৰী সংস্থাটোৰ প্ৰকাশ