ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক’ল’ৰাডত অনুষ্ঠিত ১৯ বছৰ অনুৰ্ধৰ বিশ্ব বক্সিং প্রতিযোগিতাত ৪টা সোণৰ পদকসহ মুঠ ১৭টা পদক লাভ কৰিছে। পুৰুষ আৰু মহিলা উভয় শাখাত অনুষ্ঠিত এই প্রতিযোগিতাত ভাৰতৰ মুঠ ১৯ গৰাকী বক্সাৰে ভাগ লৈছে। ভাৰতৰ হৈ হেমন্ত ছংৱানে পুৰুষৰ শাখাত সোণৰ পদক লাভ কৰাৰ লগতে কৃষ্ণা বার্মা, পাৰ্থৰী গ্ৰেৱাল আৰু ৱানিষ্কা গোস্বামীয়ে সোণৰ পদক অর্জন কৰে। পদক অৰ্জন কৰা খেলুৱৈসকলৰ ১১ গৰাকী খেলুৱৈয়ে ইতিমধ্যে খেলো ইণ্ডিয়া প্রতিযোগিতাত অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে প্রতিযোগিতাত ভাগ লোৱা আটাইকেইগৰাকী মহিলা বক্সাৰে পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে।
Assamese | November 4, 2024 12:42 PM | Boxing championship
বিশ্ব বক্সিং প্রতিযোগিতাত ভাৰতৰ ৪ টা সোণৰ পদকসহ মুঠ ১৭টা পদক লাভ