ওদালগুৰি জিলাৰ ডিমাকুছিৰ দৈমুনগৰ সমন্বয় ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক অধিৱেশনৰ আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত অ-বড়ো লোকসকলৰ সৈতে বাৰ্তালাপ, বড়ো ভাষাৰ অনুভৱ, অভিজ্ঞতা, বড়ো ভাষাৰ মর্যাদা সম্পর্কে এখন আলোচনা চক্র অনুষ্ঠিত হয়। বড়ো সাহিত্য সভাৰ সভাপতি ড০ সূৰথ নাৰ্জাৰীৰ সঞ্চালনাত হোৱা এই আলোচনা চক্ৰত অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ইছমাইল হুছেইন আৰু বড়ো স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’ সমল ব্যক্তি হিচাপে উপস্থিত থাকে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও আজি বড়ো সাহিত্য সভাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আজি ডিমাকুছি শীর্ষক এখন স্মৃতিগ্রন্থও উন্মোচন কৰে। আজি চুবুৰীয়া ৰাষ্ট্ৰ নেপাল আৰু বাংলাদেশৰ লগতে ভাৰতৰ কেইবাখনো ৰাজ্যৰ প্ৰতিনিধিৰ সৈতে সাহিত্য সভাৰ বিশেষ মত বিনিময় অনুষ্ঠানৰ লগতে সাহিত্য অকাডেমী বঁটাপ্ৰাপক নন্দেশ্বৰ দৈমাৰীৰ সঞ্চালনাত এখন কবি সন্মিলন অনুষ্ঠিত হয়।
Assamese | January 10, 2025 8:28 PM | Boro Sahitya Sabha
বড়ো সাহিত্য সভাত আজি অবড়ো লোকসকলৰ সৈতে বাৰ্তালাপ, বড়ো ভাষাৰ অনুভৱ-অভিজ্ঞতা, বড়ো ভাষাৰ মর্যাদা সম্পর্কে আলোচনা-চক্র