অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক তথা বিক্রেতা সন্থাৰ উদ্যোগত লখিমপুৰ কমাৰ্চ কলেজৰ স্পোর্টছ কমপ্লেক্সত ভাষা সাহিত্য সংস্কৃতিৰ এলানি আকর্ষণীয় কাৰ্যসূচীৰে আজিৰে পৰা ১০ দিনীয়াকৈ অসম গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। আজি বিয়লি শিক্ষামন্ত্রী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰনোজ পেগুৱে গ্রন্থমেলাখন উদ্বোধন কৰিব। পশ্চিমবংগৰ বিশিষ্ট সাহিত্যিক বিনোদ ঘোষাল বিশেষ অতিথিৰূপে উপস্থিত থাকিব। উদ্বোধনী সভাত বিধায়ক মানৱ ডেকা, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° অৰূপজ্যোতি চৌধুৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° বিভাস চৌধুৰী আৰু লখিমপুৰৰ জিলা আয়ুক্ত প্ৰণৱজিৎ কাকতি উপস্থিত থাকিব। গ্রন্থমেলাৰ দিনকেইটাত ভাষা সাহিত্য, সংস্কৃতি, ইতিহাস আদি ভিন্ন বিষয় সামৰি আলোচনাচক্র অনুষ্ঠিত হ’ব।
Assamese | November 1, 2025 12:10 PM | Assam Book Fair
আজিৰে পৰা ১০ দিনীয়াকৈ লখিমপুৰত অসম গ্ৰন্থমেলাৰ আয়োজন