বম্বে উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে আজি পাঁচগৰাকী নতুন ন্যায়াধীশে শপত গ্ৰহণ কৰে। বম্বে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি কে উপাধ্যায়ে নিবেদিতা প্রকাশ মেহতা, প্রফুল্ল সুৰেন্দ্ৰ কুমাৰ সুবালকাৰ, অশ্বিন দামোদৰ ভোবে, ৰোহিত বাসুদেও যোশী আৰু অদ্বৈত মহেন্দ্ৰ ছেথনাক শপতনামা পাঠ কৰোৱায়। উল্লেখযোগ্য যে, আজিৰ পৰা দুবছৰৰ বাবে ন্যায়াধীশসকলে কাৰ্যনিৰ্বাহ কৰাৰ পিছত তেওঁলোকক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে।
Assamese | October 25, 2024 6:41 PM | Bombay High Court
বম্বে উচ্চ ন্যায়ালয়ত পাঁচগৰাকী নতুন অতিৰিক্ত ন্যায়াধীশৰ শপত গ্ৰহণ