কেন্দ্রীয় সামাজিক ন্যায় আৰু সৱলীকৰণ তথা গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিভাগৰ ৰাজ্য মন্ত্ৰী বি এল বাৰ্মা দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে আজি চৰাইদেউত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে আজি জিলাখনৰ বানফেৰা আদৰ্শ অংগনবাড়ী কেন্দ্ৰত উপস্থিত হৈ ৰাষ্ট্ৰীয় পোষণ মাহৰ অন্তৰ্গত পুষ্টিকৰ শাক-পাচলি, খাদ্যসম্ভাৰ আৰু শিক্ষণ সঁজুলিৰ এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰে। তদুপৰি কেন্দ্ৰটোৰ অধীনৰ গৰ্ভৱতী আৰু প্রসূতী মাতৃসকলৰ সৈতে তেওঁ মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ স্বাস্থ্যৰ বিষয়ে বুজ লয়।
Assamese | September 24, 2024 7:34 PM | bl barma charaideu
কেন্দ্ৰীয় মন্ত্ৰী বি এল বাৰ্মা দুদিনীয়া চৰকাৰী কাৰ্যসূচীৰে চৰাইদেউত উপস্থিত