বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আজি থিৰুৱনন্তপুৰত ৰাজ্যিক বিজেপিৰ এখন কার্যনির্বাহক সভাত ভাগ লোৱাৰ বাবে কেৰালালৈ যাব। দলৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম শাখাৰ মুৰব্বী অনিল বালুনিয়ে প্ৰকাশ কৰা অনুসৰি এয়া হ’ল লোকসভা নিৰ্বাচনৰ পাছত শ্ৰী নাড্ডাৰ প্ৰথমটো কেৰালা ভ্রমণ। তেওঁ কয় যে সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত বিজেপিয়ে কেৰালাত কেৱল আসনৰ সংখ্যা মুকলি কৰাই নহয়, বৰং ভোটৰ অংশও চকুত লগা ধৰেণ বৃদ্ধি কৰিছে।
Assamese | July 9, 2024 12:20 PM | BJP president JP Nadda to visit Kerala today
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই আজি থিৰুৱনন্তপুৰত ৰাজ্যিক বিজেপিৰ কার্যনির্বাহক সভাত ভাগ ল’ব