সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিয়ে ৩১খন জিলাত তত্ত্বাৱধায়ক আৰু সহ-তত্ত্বাৱধায়কক নিযুক্তি দিছে। তত্ত্বাৱধায়কৰ দায়িত্ব দিয়াসকলৰ ভিতৰত ভালেকেইগৰাকী কেবিনেট মন্ত্ৰী আছে। নির্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক হিচাপে প্রাক্তন সাংসদ পল্লৱ লোচন দাসক দায়িত্ব অর্পণ কৰা হৈছে। ইস্তাহাৰ সমিতিৰ আহ্বায়ক পদত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক নিযুক্তি দিয়া হৈছে। নির্বাচন পৰিচালনা সমিতি আৰু ইস্তাহাৰ সমিতিত সহ-আহ্বায়ক আৰু সদস্য হিচাপে ভালেকেইগৰাকী জ্যেষ্ঠ বিজেপি নেতাক দায়িত্ব দিয়া হৈছে।
Assamese | December 23, 2024 8:08 PM | bjp panchayat election
পঞ্চায়ত নিৰ্বাচনৰ বাবে ৩১খন জিলাত বিজেপিৰ তত্ত্বাৱধায়ক আৰু সহ-তত্ত্বাৱধায়কক নিযুক্তি