কংগ্ৰেছ নেতা ছেম পিট্ৰ’দাই উত্তৰ-পূবৰ লোকসকলৰ সন্দৰ্ভত কৰা বিতর্কিত মন্তব্যৰ বিৰুদ্ধে ভাৰতীয় জনতা পাৰ্টীয়ে কালি নাগালেণ্ডৰ ডিমাপুৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখযোগ্য যে, কংগ্ৰেছ নেতাগৰাকীয়ে উত্তৰ-পূবৰ লোকসকল দেখিবলৈ চীনা মানুহৰ দৰে বুলি মন্তব্য কৰিছিল। সমান্তৰালকৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকলক আৰৱ, ইউৰোপ আৰু আফ্ৰিকাৰ মানুহৰ সৈতে সাদৃশ্য থকা বুলি কৈছিল। ইয়াৰ বিৰুদ্ধেই নাগালেণ্ডৰ ডিমাপুৰৰ মাৰোৱাৰীপট্টিত বিজেপিৰ নেতা-কৰ্মী, সমর্থকসকলে কালি প্ৰতিবাদ সাব্যস্ত কৰে। নাগালেণ্ড বিজেপিৰ মুখপাত্র মোঘভিজ ছিচিয়ে কংগ্ৰেছক সমালোচনা কৰি কয় যে, পিট্ৰ’দাৰ বক্তব্যই ভাৰতৰ সাধাৰণ লোকৰ প্ৰতি কংগ্ৰেছে মনত পুহি ৰখা ধাৰণাক প্ৰতিফলিত কৰিছে। তেওঁ কয় যে, এনে বক্তব্যই কেৱল বিভাজনকাৰী শক্তিসমূহক ইন্ধন যোগোৱাই নহয়, বিভিন্ন শক্তি তথা চুবুৰীয়া ৰাষ্ট্ৰই ইতিমধ্যে ভাৰতক বিভাজনৰ বাবে কৰি থকা অপচেষ্টাকো সাৰ-পানী যোগাইছে। মুখপাত্ৰগৰাকীয়ে ৰাষ্ট্ৰীয় অখণ্ডতাৰ প্ৰতি বিজেপি যে দায়বদ্ধ সেই কথা পুনৰ দোহাৰে। তেওঁ কয় যে, বিজেপিয়ে ভাৰতীয় নাগৰিকসকল বিভাজনৰ পৰিৱৰ্তে একতাৰ দোলেৰে বান্ধিবলৈ সদায় চেষ্টা কৰি আহিছে।
Assamese | May 11, 2024 11:13 AM | BJP NAGALAND DHARNA
কংগ্ৰেছ নেতা ছেম পিট্ৰ’দাৰ বিতর্কিত মন্তব্যৰ বিৰুদ্ধে নাগালেণ্ডৰ ডিমাপুৰত বিজেপিৰ প্ৰতিবাদ