বিজেপিয়ে বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে ৭১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ কৰিছে। এই অনুসৰি, উপ-মুখ্যমন্ত্রী সম্রাট চৌধুৰীয়ে তাৰাপুৰ আৰু উপ-মুখ্যমন্ত্রী বিজয় সিনহাই লখীচৰাই আসনৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব। বিহাৰৰ স্বাস্থ্য মন্ত্রী মংগল পাণ্ডেই চিৱাং সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। একেদৰে, ৰাজ্যিক মন্ত্রী নীতিন নবীনে বাংকিপুৰ আৰু ৰেণু দেৱীক বেটীয়া সমষ্টিৰ পৰা দলীয় টিকট প্রদান কৰা হৈছে। ত্রি বিক্রম সিঙে ঔৰঙ্গাবাদ, শ্রেয়ীসী সিঙে জমুৰী আৰু প্রাক্তন কেন্দ্রীয় মন্ত্রী ৰাম কৃপাল যাদৱ দানাপুৰ আসনৰ পৰা নির্বাচনী খুঁজত অৱতীৰ্ণ হ‘ব। বিজেপিৰ কেন্দ্ৰীয় নির্বাচন কমিটিয়ে এই প্রার্থীসকলৰ নাম চূড়ান্ত কৰিছে।
Assamese | October 14, 2025 8:12 PM | BJP list
বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ৭১ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্রকাশ