মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৰ পাভৈত পঞ্চম অসম কমাণ্ডো বেটেলিয়নৰ শিবিৰ মুকলি কৰে। ২০২২ চনত মুখ্যমন্ত্ৰীয়ে এই শিবিৰৰ আধাৰশিলা স্থাপন কৰিছিল। অসম আৰক্ষীৰ কামাণ্ডো বেটেলিয়নক অধিক সক্ৰিয় কৰিবলৈ ৰাজ্যৰ পাঁচখন জিলাত এনেধৰণৰ শিবিৰ স্থাপন কৰিবলৈ লোৱা সিদ্ধান্তমর্মে বিশ্বনাথ জিলাত এই শিবিৰ মুকলি কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। ৪০০গৰাকী বেটেলিয়ন থাকিব পৰাকৈ এই অত্যাধুনিক শিবিৰটোত ভালেমান সা-সুবিধা ৰখা হৈছে। ২১৮ বিঘা ভূমিত ১৭৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই শিবিৰত হেলিপেড, পেৰেড গ্রাউণ্ড, সমূহীয়া কেন্দ্ৰ, কম্পিউটাৰ লেব, বিদ্যালয়, চিকিৎসালয়, শ্বুটিং ৰেঞ্জ আৰু অগ্নিনির্বাপনৰ ব্যৱস্থা ৰখা হৈছে। আজিৰ অনুষ্ঠানত মন্ত্ৰী অশোক সিংহাল, সাংসদ ৰঞ্জিত দত্ত, অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
Assamese | October 4, 2025 8:42 PM | cm 5th commando
বিশ্বনাথৰ পাভৈত পঞ্চম অসম কমাণ্ডো বেটেলিয়নৰ শিবিৰ মুকলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ