অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে সবল স্থিতি গ্রহণেৰে সমাজলৈ সেৱা আগবঢ়াই যোৱা মহীয়সী নাৰী বিৰুবালা ৰাভাৰ পুন্যতিথিত আজি ৰাজ্যবাসীয়ে তেওঁক শ্ৰদ্ধাৰে সুঁৱৰিছে। এই উপলক্ষে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অন্ধবিশ্বাস বিৰোধী দিৱস পালন কৰা হয় ৷ জিলাখনৰ প্ৰতিটো চৰকাৰী বিভাগৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত আয়োজিত বিশেষ সভাত সমাজ সংস্কাৰকগৰাকীৰ কৰ্মৰাজী সন্দৰ্ভত আলোকপাত কৰা হয়। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এটা বাৰ্তাত ড০ বিৰুবালা ৰাভাৰ সাহসী জীৱন আৰু কৰ্মৰাজীয়ে সকলোকে প্ৰেৰণা যোগাই যাব আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ উদগণি যোগাব বুলি আশা প্ৰকাশ কৰে।
Assamese | May 13, 2025 8:12 PM | Birubala Rabha
মহীয়সী নাৰী বিৰুবালা ৰাভাৰ পুণ্যতিথি, ৰাজ্যবাসীৰ শ্ৰদ্ধাঞ্জলি