জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক, ৰামায়ণী সাহিত্যৰ গৱেষক ড০ মামণি ৰয়ছম গোস্বামীৰ ওপজা দিন উপলক্ষে আজি সাহিত্যিকগৰাকীৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰা হৈছে। ১৯৪২ চনৰ আজিৰ দিনটোতে কামৰূপ জিলাৰ জগলীয়া সত্ৰত জন্মগ্ৰহণ কৰা সাহিত্যিকগৰাকী জীৱনৰ বিভিন্ন সংঘাত আৰু প্ৰত্যাহ্বানক নিজৰ কলমেৰে তুলি ধৰিছিল। বঞ্চিতজনৰ পৰা আৰম্ভ কৰি ৰক্ষণশীল সমাজৰ কুসংস্কাৰলৈকে তেওঁৰ লেখাৰে বাস্তৱ ছবি অংকন কৰিছিল। ১৯৮২ চনত সাহিত্য একাডেমী আৰু ২০০০ চনত জ্ঞানপীঠ বঁটা লাভ কৰা এইগৰাকী সাহিত্যিকৰ ওপজা দিন উপলক্ষে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও তেওঁৰ স্মৃতিত শ্রদ্ধা নিবেদন কৰিছে। এই উপলক্ষে দিয়া এটা বার্তাত মুখ্যমন্ত্ৰীয়ে সাহিত্যিকগৰাকীৰ উত্তৰ-পূব ভাৰতৰ চিৰ উজ্জ্বল নক্ষত্ৰ বুলি অভিহিত কৰে।
Assamese | November 14, 2024 9:04 PM | birthday mamani
জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক ড০ মামণি ৰয়ছম গোস্বামীলৈ ওপজা দিন উপলক্ষে শ্রদ্ধাঞ্জলি