কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘাঁহনি অঞ্চলত বিচৰণ কৰা পক্ষীৰ জৰীপ সম্পন্ন হৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক ড° সোণালী ঘোষে এই কথা প্ৰকাশ কৰি এই জৰীপত মুঠ ৪৩ টা প্ৰজাতিৰ পক্ষীৰ বিচৰণ নিশ্চিত কৰিছে। ইয়াৰ ভিতৰত এটা অতি বিপন্ন আৰু দুটা বিপন্নপ্ৰায় প্ৰজাতিৰ পক্ষীৰ উপস্থিতি ধৰা পৰিছে বুলি তেওঁ প্ৰকাশ কৰে। সঞ্চালকগৰাকীয়ে কয়, যে প্ৰথমবাৰৰ বাবে কাজিৰঙাত হোৱা এই জৰীপৰ ফলাফল অতি সন্তোষজনক। বিপন্ন প্ৰজাতিৰ পক্ষীবিদ বেংগল ফ্লৰিকান বুলিও সঞ্চালকগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয়, যে দুটা পদ্ধতিৰে এই জৰীপ চলোৱা হৈছিল। ‘পইণ্ট কাউণ্ট’ শীৰ্ষক জৰীপত প্রতি ১৫ মিনিটৰ মূৰে মূৰে ঘাঁহনি অঞ্চলত পক্ষীৰ জৰীপ চলায়। একেদৰে ‘একষ্টিক’ শীৰ্ষক জৰীপত পক্ষীৰ মাত যন্ত্ৰৰ দ্বাৰা বাণীবদ্ধ কৰা হয়। এই জৰীপত বিপন্ন প্ৰজাতিৰ ফিজ উইভাৰ বা টোকোৰা চৰাইৰ এটা প্ৰজনন ক’লনি কঁহৰা বনাঞ্চলত প্ৰত্যক্ষ কৰা হয়। ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ লগতে বিজ্ঞানীৰ দল, দক্ষ পক্ষীৰ নিৰীক্ষক আৰু গৱেষকে এই জৰীপ সম্পন্ন কৰে। ৰাষ্ট্ৰীয় উদ্যান কর্তৃপক্ষই বিবৃতিযোগে প্ৰকাশ কৰে। কাজিৰঙা আৰু ইয়াৰ আশে-পাশে পূব অসম, বিশ্বনাথ আৰু নগাঁও বন্যপ্রাণী সংমণ্ডলক সামৰি কৰা এই জৰীপ সন্দৰ্ভত উদ্যানখনৰ তৰফৰ পৰা প্ৰতিবেদন প্ৰকাশ কৰা হৈছে ৷
Assamese | July 15, 2025 12:42 PM | bird | Kaziranga
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ঘাঁহনি অঞ্চলত বিচৰণ কৰা পক্ষীৰ জৰীপ সম্পন্ন