July 16, 2026 7:22 PM | BIMSTEC

printer

BIMSTEC সদস্য ৰাষ্ট্ৰৰ সহযোগিতাৰ প্ৰয়োজনীয়তাত ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালৰ গুৰুত্ব আৰোপ

ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালে গোলকীয় যোগান শৃংখলা বিঘ্নিতকৰণকে ধৰি অৰ্থনৈতিক প্রত্যাহ্বানসমূহৰ সৈতে যুঁজ দিয়াৰ বাবে BIMSTEC সদস্য ৰাষ্ট্ৰসমূহৰ ব্যাপক সহযোগিতাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত BIMSTEC ৰাষ্ট্ৰীয় সুৰক্ষা মুৰববীসকলৰ পঞ্চম বৈঠকত ভাষণ দি শ্রীডোভালে কয়, যে গোলকীয় যোগান শৃংখলাৰ বিঘ্নিতকৰণে সকলো ৰাষ্ট্ৰৰ বাবে অর্থনৈতিক সমস্যাৰ সৃষ্টি কৰিছে। তেওঁ কয়, যে ইয়াৰ বাবে BIMSTEC সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সমন্বয়ৰ লগতে পাৰস্পৰিক লাভৰ বাবে নিৰ্ণায়ক পদক্ষেপ গ্রহণ আৰু পাৰস্পৰিক আলোচনাৰ জৰিয়তে সমাধান উলিওৱাটো অত্যন্ত প্রয়োজন হৈ পৰিছে। শ্রীডোভালে সুৰক্ষাৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন প্রত্যাহ্বানৰ সৈতে যুঁজ দিয়াৰ লগতে আঞ্চলিক উন্নয়নৰ উদ্দেশ্যে BIMSTEC সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ সহযোগিতা বৃদ্ধিৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। সন্ত্রাসবাদ, সংগঠিত দুর্নীতি, চাইবাৰ ভাবুকি আৰু সামুদ্রিক সুৰক্ষাৰ প্ৰত্যাহ্বানসমূহৰ ক্ষেত্ৰত সদস্য ৰাষ্ট্ৰসমূহৰ মাজৰ সহযোগিতা পূর্বতকৈ বহু বৃদ্ধি পাইছে বুলি তেওঁ লগতে উল্লেখ কৰে।