বিহাৰত চলিত বৰ্ষৰ পুৰুষৰ হকী হিৰ’ এছিয়া কাপ প্রতিযোগিতা অনুষ্ঠিত হ’ব। হকী ইণ্ডিয়াৰ সহযোগত অহা ২৯ আগষ্টৰ পৰা ৭ ছেপ্তেম্বৰলৈ এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এয়া হৈছে এছিয়া কাপৰ দ্বাদশ সংস্কৰণ। এই সন্দৰ্ভত আজি পাটনাত হকী ইণ্ডিয়া আৰু বিহাৰ ৰাজ্যিক ক্ৰীড়া প্ৰাধিকৰণৰ মাজত এখন চুক্তি স্বাক্ষৰ হয়। এই প্রতিযোগিতাত দক্ষিণ কোৰিয়া, ভাৰত, পাকিস্তানকে ধৰি এছিয়াৰ ৮ খন দেশে ভাগ ল’ব। হকী ইণ্ডিয়াৰ অধ্যক্ষ ড° দিলীপ তিৰ্কীয়ে এই বৃহৎ ক্রীড়া প্রতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে বিহাৰ চৰকাৰ আৰু বিহাৰ ৰাজ্যিক ক্রীড়া প্ৰাধিকৰণক প্ৰশংসা কৰিছে। প্ৰায় ২০ হাজাৰ দশকে এই প্ৰতিযোগিতা উপভোগ কৰিব বুলি আশা কৰা হৈছে।
Assamese | March 31, 2025 9:21 PM | Bihar to host Men’s Hockey Hero Asia Cup 2025
বিহাৰত চলিত বৰ্ষৰ পুৰুষৰ হকী হিৰ’ এছিয়া কাপ প্রতিযোগিতা