উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাইয়ে দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। কেন্দ্রীয় আইন আৰু ন্যায় মন্ত্রী অর্জুনবাম মেঘৱালে প্রকাশ কৰা মতে ৰাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুৰ্মুৱে ন্যায়াধীশ গাৱাইক দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিয়োগ কৰিছে আৰু অহা ১৪ মে‘ত তেওঁ শপত গ্ৰহণ কৰিব। অহা ১৩ মে‘ত বৰ্তমানৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্নাৰ কাৰ্যকালৰ অন্ত পৰিব। উল্লেখযোগ্য যে ন্যায়াধীশ গাৱাই হ‘ব এই পদত অধিষ্ঠিত হোৱা অনুসূচিত জাতিৰ দ্বিতীয়গৰাকী ব্যক্তি। ইয়াৰ পূৰ্বে অনুসূচিত জাতিৰ পৰা কে জি বালাকৃষ্ণণ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হৈছিল। ন্যায়াধীশ গাৱাইয়ে ছমাহৰ বাবে এই পদত কাৰ্যনিৰ্বাহ কৰিব।
Assamese | April 30, 2025 12:27 PM | Bhusan krishna
ভূষণ ৰামকৃষ্ণ গাৱাৰক দেশৰ ৫২ সংখ্যক মুখ্য ন্যায়াধীশ নিয়োগ