বেংগালুৰুৰ এখন বিশেষ আদালতে এটা বাংলাদেশী সন্ত্রাসবাদীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড ঘোষণা কৰিছে। জহিদুল ইছলাম ওৰফে কৌচাৰ নামৰ অভিযুক্তজনক ৫৭ হাজাৰ টকাৰ জৰিমনাও বিহা হৈছে। বাংলাদেশী সন্ত্রাসবাদীটোক কেইবাটাও কূটঘাতমূলক ষড়যন্ত্ৰ, ডকাইতিৰ ঘটনা, পুঁজি সংগ্ৰহ তথা বিস্ফোৰক সামগ্রী ক্রয় আদি ঘটনা সৈতে জড়িত আছিল। এই বিষয়ক তদন্তৰ সূত্ৰই প্ৰকাশ কৰা মতে বাংলাদেশত কেইবালানিও বোমা বিস্ফোৰণৰ ঘটনাৰ পাছত দেশখনৰ পৰা পলাই আহি সন্ত্ৰাসবাদীটো ভাৰতত প্ৰৱেশ কৰিছিল। ২০১৮ চনত বুদ্ধগয়াত আৰু ২০১৪ চনত বৰ্দৱানত হোৱা বোমা বিস্ফোৰণৰ লগতে ভাৰতত বাংলাদেশৰ জামাত-উল-মুজাহিদিনৰ কাৰ্যকলাপ বৃদ্ধিৰ ঘটনাৰ সৈতে সন্ত্ৰাসবাদীটো জড়িত থকাৰ উপযুক্ত প্ৰমাণ লাভ কৰাৰ পাছত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ আদালতে এই সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশটো জাৰি কৰে । ইয়াকে লৈ এই ঘটনাসমূহৰ সন্দৰ্ভত এতিয়ালৈকে মুঠ ১১ জন অভিযুক্তক দোষী সাব্যস্ত কৰা হৈছে।
Assamese | December 31, 2024 1:12 PM | Belgaluru court
বাংলাদেশী সন্ত্রাসবাদীক জহিদুল ইছলামক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড ঘোষণা বেংগালুৰুৰ এখন বিশেষ আদালতৰ