বিটিচিৰ মুখ্য কাৰ্যবাহী প্রমোদ বড়োৱে আজি বাক্সাৰ দলাবাৰীত থকা একলব্য আদর্শ আৱাসিক বিদ্যালয়ৰ পৰা ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী এটা পথৰ আধাৰশিলা স্থাপন কৰে। পথটোৰ আধাৰশিলা স্থাপনৰ অন্তত সমৱেত লোকক উদ্দেশ্যি মুখ্য কাৰ্যবাহীগৰাকীয়ে কয়, যে এই পথছোৱাই বাক্সা জিলাৰ যোগাযোগ ব্যৱস্থা তথা আন্তঃগাঁথনিৰ উন্নতি সাধন কৰাৰ লগতে জনসাধাৰণক বিভিন্ন সা-সুবিধা দিব। পথটোৰ আধাৰশিলা স্থাপনৰ লগতে শ্ৰীবড়োৱে দলাবাৰী গাঁৱৰ কৃষকসকলক আলুৰ বীজ বিতৰণ কৰে। ইয়াৰ পূৰ্বে শ্ৰীবড়োৱে বাক্সাৰ কদমতলত থকা শীতলীকৰণ ভৱনটোও পৰিদৰ্শন কৰে। উল্লেখযোগ্য যে কদমতলত ২০২১ চনৰ ৩০ জুনত নিৰ্মাণ সম্পূৰ্ণ হোৱা ৭ হাজাৰ ৫০০ মেট্রিক টন ক্ষমতাসম্পন্ন শীতলীকৰণ ভৱনটোৰ বৰ্তমান মেৰামতি চলি আছে।
Assamese | November 27, 2024 9:07 PM | baska pramod boro laystone road
বাক্সাৰ একলব্য আদর্শ আৱাসিক বিদ্যালয়ৰ পৰা ১২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথৰ আধাৰশিলা স্থাপন প্ৰমোদ বড়োৰ