বাংলাদেশৰ এখন উচ্চ ন্যায়ালয়ে আজি সংসদীয় নির্বাচন অনুষ্ঠিত কৰাৰ বাবে অ-দলীয় কাৰ্য্যবাহী চৰকাৰ প্ৰণালীৰ সাংবিধানিক ব্যৱস্থা বাহাল কৰিছে। ইউনাইটেড নিউজ অৱ বাংলাদেশৰ বাতৰি অনুসৰি, ন্যায়ালয়ে সেই দেশৰ সংবিধানৰ পঞ্চদশ সংশোধনত ইয়াৰ মৌলিক পৰিকাঠামো প্রত্যাখ্যান কৰা হৈছে আৰু প্রধান গণতান্ত্ৰিক আদৰ্শৰাজিৰ সৈতে আপোচ কৰা হৈছে বুলি মন্তব্য কৰিছে। এই সংশোধনত কাৰ্য্যবাহী চৰকাৰ প্ৰণালী বাহাল কৰাত কোনো আইনী বাধা নাই বুলি কোৱা হৈছে। ন্যায়াধীশ ফৰাহ মেহবুব আৰু ন্যায়াধীশ দেৱাশীষ ৰায়চৌধুৰীৰ এখন বিচাৰপীঠে সংবিধানৰ পঞ্চদশ সংশোধন আৰু কাৰ্য্যবাহী চৰকাৰৰ প্ৰণালীৰ বিলুপ্তিৰ বাবে দাখিল কৰা আবেদনৰ শুনানী গ্রহণ কৰি এইদৰে মন্তব্য কৰে।
Assamese | December 17, 2024 8:06 PM | Bangladesh
অ-দলীয় কাৰ্য্যবাহী চৰকাৰ প্ৰণালীৰ সাংবিধানিক ব্যৱস্থা বাহাল বাংলাদেশৰ উচ্চ ন্যায়ালয়ৰ