ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ কাৰ্যালয়ে বাংলাদেশৰ পূৰ্বৰ চৰকাৰ, সুৰক্ষা আৰু চোৰাংচোৱা সংস্থাৰ লগতে আৱামী লীগৰ সৈতে সম্পৰ্ক থকা হিংসাত্মক শক্তিসমূহ যোৱা বছৰৰ ছাত্ৰ প্ৰতিবাদৰ সময়ত পৰিকল্পিতভাৱে গুৰুতৰ মানৱাধিকাৰ উলংঘনৰ ঘটনাত জড়িত আছিল বুলি কৈছে। তদুপৰি ৰাষ্ট্ৰসংঘই বাংলাদেশত কোনো ৰাজনৈতিক দলকেই নিষিদ্ধ ঘোষণা নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। কিয়নো এনে কৰিলে প্ৰকৃত বহুদলীয় গণতন্ত্ৰ ব্যৱস্থালৈ ঘুৰি যোৱাটো সম্ভৱ হৈ নুঠিব। আজি প্রকাশিত এটা প্ৰতিবেদনত, ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ উচ্চায়ুক্ত কার্যালয়ে দেশখনত মুক্ত আৰু প্ৰকৃত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰাপদ আৰু অনুকুল বাতাবৰণ সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে।
Assamese | February 12, 2025 8:49 PM | Bangladesh
বাংলাদেশত কোনো ৰাজনৈতিক দলকেই নিষিদ্ধ ঘোষণা নকৰিবলৈ পৰামৰ্শ ৰাষ্ট্ৰসংঘৰ