বাংলাদেশৰ প্ৰধানমন্ত্রী শেইখ হাছিনা কাইলৈ দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। এই ভ্রমণসূচীৰ সময়ছোৱাত শ্ৰীমতী হাছিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হ’ব। তেওঁ লগতে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি জগদীপ ধনখড় আৰু বিদেশ মন্ত্ৰী ডº এছ জয়শংকৰকো সাক্ষাৎ কৰিব। ভাৰতত নতুন চৰকাৰ গঠন হোৱাৰ পাছত এয়া প্ৰথমটো দ্বিপীক্ষিক ভ্ৰমণ হ’ব।
Assamese | June 20, 2024 8:31 PM | Bangaladesh pm visit
দুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ ভাৰতলৈ আহিব শেইখ হাছিনা