বজালী জিলাৰ পাটাচাৰকুছি সমষ্টিৰ অন্তৰ্গত ১৪ খন বিদ্যালয়ৰ বাবে মুঠ ১৮ লাখ ৯৭ হাজাৰ টকাকৈ বিজ্ঞান আৰু গণিতৰ একোটাকৈ বিজ্ঞানাগাৰ স্থাপনৰ কাম আজি আৰম্ভ কৰা হয়। জিলাখনৰ এই ১৪ খন শিক্ষানুষ্ঠান হৈছে ক্ৰমে, মধ্য বজালী হাইস্কুল, পদ্মশ্রী চন্দ্রপ্রভা হাইস্কুল, ৰিহাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, নৱজ্যোতি হাইস্কুল, বনগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়, তৰুণ ৰাম ফুকন ছোৱালী হাইস্কুল, আদর্শ হাইস্কুল, পাকা সৰিহ উচ্চতৰ মাধ্যমিক বিদ্যালয়, পাঠশালা ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়, নৰেশ্বৰ ৰাণা উচ্চতৰ মাধ্যমিক বিদ্যালয়, সনাতন সেৱাশ্ৰম ছোৱালী হাইস্কুলকে ধৰি ১৪ খন বিদ্যালয়ৰ প্ৰতিখনকে ১৯ লাখকৈ টকাৰ আবণ্টন দি বিজ্ঞান আৰু গণিতৰ একোটাকৈ বিজ্ঞানাগাৰ স্থাপনৰ বাবে বজালীৰ ৰতনপুৰত স্থাপিত মধ্য বজালী হাইস্কুলত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে এই কাৰ্য্যৰ শুভাৰম্ভ কৰে। ভাষণ প্ৰসঙ্গত মন্ত্ৰী দাসে কয়, যে বাকী থকা ১২ খন বিদ্যালয়ৰ কামো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হ’ব।
Assamese | November 21, 2025 9:00 PM | bajali school ranjeet das
বজালী জিলাৰ পাটাচাৰকুছিৰ ১৪খন বিদ্যালয়ত বিজ্ঞান-গণিতৰ একোটাকৈ বিজ্ঞানাগাৰ স্থাপনৰ কাম আৰম্ভ