অহা ১৭ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত বড়োসকলৰ বাগৰুম্বা নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্রস্তুতি চলি আছে। আমাৰ নগাঁও জিলাৰ সংবাদদাতাই জনোৱা মতে নগাঁও চহৰৰ আৰক্ষী ছাউনীৰ খেলপথাৰত জিলাখনৰ ৩২৮ গৰাকী নৃত্য শিল্পী আৰু ১৪ গৰাকী বাদ্য শিল্পীক লৈ বাগৰুম্বা নৃত্যৰ অনুশীলন কৰা হৈছে। আজিৰে পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত এই অনুশীলনস্থলীত আজি দুপৰীয়া নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু জিলা আয়ুক্ত দেৱাশীষ শর্মা উপস্থিত হৈ শিল্পীসকলক উৎসাহিত কৰে। কোকৰাঝাৰ জিলাৰ পাচোটা বিধান সভা সমষ্টিৰ ১০ হাজাৰ শিল্পীয়ে বাগৰুম্বাৰ অনুশীলনত অংশ লৈছে। বিহু আৰু ঝুমইৰ বিনন্দিনীৰ পাছত বাগৰুম্বা নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ বাবে আয়োজিত অনুষ্ঠানত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব।
Assamese | January 8, 2026 7:39 PM | Bagarumba Dance at Sarusajai
বাগৰুম্বা নৃত্যৰে বিশ্ব অভিলেখ গঢ়াৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্রস্তুতি