আছাম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ উদ্যোগত গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত আজিৰে পৰা তিনিদিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব। উত্তৰ-পূবৰ লগতে ভূটান, নেপালৰ খেলুৱৈয়ে এই চেম্পিয়নশ্বিপত অংশ ল’ব। আছাম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত আৰক্ষী সেৱাৰ বিষয়া প্রদীপ কুমাৰে এখন সংবাদ মেলত এই কথা প্রকাশ কৰে। আয়োজকসকলে জনাইছে যে আজি সন্ধিয়া ৬ বজাত চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান হৰমিত সিং উপস্থিত থাকিব। প্রতিযোগিতাসমূহ ছটা শাখাত অনুষ্ঠিত হ’ব। দুজন খেলুৱৈৰ বয়স যোগ কৰাৰ ভিত্তিত এই শাখাসমূহ নিৰ্ধাৰণ কৰা হ’ব। আনহাতে, ৭৫ বছৰ ঊৰ্ধ্বৰ শাখাত আন এটা মিক্সড ডাবল শাখা অনুষ্ঠিত হ’ব। খেলখনত পুৰস্কাৰৰ হিচাপে ৪ লাখ টকা ধাৰ্য কৰা হৈছে। অহা ১২ মে’ত চেম্পিয়নশ্বিপৰ সামৰণি পৰিব। প্ৰতিযোগিতাত কমেও ২৫০ গৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰিব বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিছে। সংবাদ মেলত আছাম ছিনিয়ৰ বেডমিণ্টন ক্লাবৰ সাংগাঠনিক সম্পাদক বিষ্ণু ডেকা, অসম বেডমিণ্টন সন্থাৰ সম্পাদক তথা ভাৰতীয় বেডমিণ্টন সন্থাৰ যুটীয়া সম্পাদক ওমৰ ৰছিদ, মানসপ্ৰতিম শৰ্মাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।
Assamese | May 10, 2024 11:31 AM | BADMINTON GUWAHATI
গুৱাহাটী নেহৰু ষ্টেডিয়ামত আজিৰে পৰা তিনিদিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ