উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচনৰ বাবে বিৰোধীৰ INDI মিত্রজোঁটে অন্ধ্রপ্রদেশৰ বি সুদৰ্শন ৰেড্ডীক প্ৰাৰ্থীৰূপে মনোনীত কৰিছে। সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ নাম কালি কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেই ঘোষণা কৰে। বিৰোধীৰ INDI মিত্রজোঁটে বৈঠকৰ অন্তত প্ৰাক্তন ন্যায়াধীশগৰাকীক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে বাছনি কৰে। কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেৰ বাসগৃহত অনুষ্ঠিত বৈঠকৰ পাছতে INDI মিত্ৰজোঁটৰ অন্যতম নেতা তথা NCPৰ শাৰদ পাৱাৰ গোটৰ মুৰব্বী শাৰদ পাৱাৰ আৰু মল্লিকার্জুন খার্গেই সংবাদমেলত বি সুদর্শন ৰেড্ডীৰ নাম ঘোষণা কৰে।
Assamese | August 20, 2025 11:35 AM | b sudarshan reddy vp candidate i.n.d.i.
উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধী INDI মিত্রজোঁটৰ মনোনীত প্ৰাৰ্থী প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী