অসম চৰকাৰৰ বিজ্ঞান প্রযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ হৈ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদে আজিৰে পৰা দুদিনীয়াকৈ আর্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহৰ আয়োজন কৰিছে। এই সমাৰোহে ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞান অধ্যয়নৰ প্ৰতি আগ্ৰহ জন্মেৱাৰ লগতে উদ্ভাৱনীমূলক চিন্তাৰ বিকাশ তথা শিক্ষার্থীসকলক নতুন জ্ঞান আৰু অভিজ্ঞতাৰে সমৃদ্ধ কৰিব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আহ্বান জনাইছে। এই কাৰ্যসূচী ৰাজ্যৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কেশৱ মহন্তই উদ্বোধন কৰে। সমাৰোহৰ কাৰ্যসূচীৰ অংশ হিচাপে বিজ্ঞানভিত্তিক আকস্মিক বক্তৃতা প্রতিযোগিতা, পোষ্টাৰ অংকন, বিজ্ঞান প্ৰযুক্তিৰ আৰ্হি নিৰ্মাণ প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে। তদুপৰি বিজ্ঞানী আৰু শিক্ষাৰ্থীৰ মাজত মত বিনিময়, মহাকাশ নিৰীক্ষণ আদিও কাৰ্যসূচীও গ্ৰহণ কৰা হয়।
Assamese | September 10, 2024 9:22 PM | ayjabhatta bigjan centre
আর্যভট্ট বিজ্ঞান কেন্দ্ৰৰ ৰাজ্যিক সমাৰোহৰ আয়োজন