অসম নাট্য সন্মিলনে অহা ১৮ এপ্ৰিলৰ পৰা হোজাইত তিনিদিনীয়াকৈ দ্বিভাষিক নাট সমাৰোহৰ আয়োজন কৰিছে। এই সমাৰোহত প্ৰথমবাৰৰ বাবে অসমীয়া আৰু বাংলা ভাষাত চাৰিখন নাটক মঞ্চস্থ কৰা হ’ব। গুৱাহাটীৰ ড্রামাটিক ছ’চাইটী, তেজপুৰৰ ঐতিহাসিক বান মঞ্চ আৰু লামডিঙৰ আনন্দম ড্রামা গোষ্ঠীয়ে এই সমাৰোহত অংশগ্ৰহণ কৰিব। হোজাই সাহিত্য সভাৰ সাহিত্যৰথী বেজবৰুৱা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত হোজাই সাহিত্য সভাৰ প্ৰতিনিধিয়ে এই কথা সদৰি কৰে ।
Assamese | April 7, 2025 10:59 AM | axom natya sanmilon hojai
হোজাইত ১৮ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ অসম নাট্য সন্মিলনৰ দ্বিভাষিক নাট সমাৰোহ