February 8, 2025 1:16 PM

views 45

আকাশবাণীত কাইলৈ সংবাদ চলন্তিকাত গুৱাহাটী মহানগৰীৰ জীৱনযাত্ৰা শৃংখলাৰ প্ৰথমটো অনুষ্ঠান প্ৰচাৰ

আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ সন্ধিয়া ৭ বাজি ৪৫ মিনিটৰ সংবাদ চলন্তিকাত গুৱাহাটী মহানগৰীৰ জীৱনযাত্ৰা শৃংখলাৰ প্ৰথমটো অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত তথাকথিত সৰু সৰু মানুহৰ জীৱন সংগ্ৰাম- তেওঁলোকৰ নিজ মুখেৰেই শুনিবলৈ পাব। অনুষ্ঠানটোৰ উপস্থাপন আৰু পৰিকল্পনা আকাশবাণীৰ বাতৰি বিভাগৰ মু...

February 8, 2025 1:13 PM

views 63

আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানত আজি পৰীক্ষাৰ্থীৰ মানসিক চাপ আৰু ইয়াৰ সমাধান সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীৰ মানসিক চাপ আৰু ইয়াৰ সমাধান সন্দৰ্ভত এটি আলোচনা প্ৰচাৰ কৰা হ'ব । আলোচনাত অসম জাতীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰী অপর্ণা দেৱী আৰু মনোৰোগ বিশেষজ্ঞ ডাঃ মৈথিলী হাজৰিকাই অংশগ্রহণ কৰিব। এই আলোচনাৰ আ...

February 8, 2025 1:12 PM

views 47

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত লাভলীনা বৰগোহাই আৰু অংকুশিতা বড়োৰ স্বর্ণ পদক অৰ্জন

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত লন বলত কালি অসমে তিনিটা পদক নিশ্চিত কৰিছে। নয়নমণি শ‍ইকীয়া আৰু বন্দিতা হাজৰিকাৰ মহিলাৰ ডাবলচ যুটীৰ লগতে পুৰুষৰ ছিংগলছত পুতুল সোণোৱাল তথা মেন ফৰ্চত বিতোপন ৰাভা, অমল টেৰণ, বিমান নাথ আৰু বিশ্বনাথ খাওন্দে চেমিফাইনেলত প্ৰৱেশ কৰিছে। আজি ৰাষ্ট্ৰীয় ক্রীড়া...

February 8, 2025 1:10 PM

views 73

দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ জিলা আৰু মাণ্ডলিক পৰ্যায়ৰ খেলসমূহ সুকলমে অনুষ্ঠিত

ৰাজ্যৰ ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ উদ্যোগত তিনিদিনীয়াকৈ আয়োজিত দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ জিলা আৰু মাণ্ডলিক পৰ্যায়ৰ খেলসমূহ সুকলমে অনুষ্ঠিত হৈ যায়। দ্বিতীয় পৰ্যায়ৰ খেল মহাৰণৰ বাবে এথলেটিকছ, ফুটবল, কাবাডী, ভলীবল, ডবা আৰু চাইক্লিং আদি শিতানত নাম পঞ্জীয়ন কৰা খেলুৱৈৰ সংখ্যা ৫৫ লাখলৈ বৃদ্ধি পাই...

February 8, 2025 12:56 PM

views 55

এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি অব্যাহত

অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি চলাই আছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই শীৰ্ষ সন্মিলনৰ পৰিপ্ৰেক্ষিতত কালি দিল্লীত টাটা গ্ৰুপৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰনক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত মুখ্যমন্ত্ৰীয়ে অধ্যক্ষগৰাকীৰ সৈত...

February 8, 2025 12:54 PM

views 72

দুমাহৰ ভিতৰত গুৱাহাটীত ৰিং ৰোড প্ৰকল্পৰ কাম আৰম্ভ হ’ব বুলি প্ৰকাশ মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অহা দুমাহৰ ভিতৰত গুৱাহাটীৰ অভিলাষী ৰিং ৰোড প্ৰকল্পৰ কাম আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। গুৱাহাটীৰ পলাশবাৰীত আয়োজিত এটা অনুষ্ঠানত ড° শৰ্মাই কালি সাংবাদিকৰ আগত ভাৰতৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধীকৰণে এই প্ৰকল্পৰ ঠিকাৰ বাবে আৱণ্টন দিয়াৰ কথা প্ৰকাশ কৰি কয়, যে অহা দুবছৰৰ ভিত...

February 8, 2025 12:47 PM

views 65

এল এণ্ড টি মুম্বাই অপেন টেনিছ প্রতিযোগিতাত মায়া ৰাজেশ্বৱৰণ ছেমি ফাইনেলত প্ৰৱেশ

এল এণ্ড টি মুম্বাই অপেন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগলছত মায়া ৰাজেশ্বৱৰণে ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ১৫ বছৰীয়া খেলুৱৈগৰাকীয়ে কোৱাৰ্টাৰ ফাইনেলত জাপানৰ মেই য়ামাগুচিক ৬-৪, ৩-৬, ৬-২ ছেটত পৰাজিত কৰে। প্ৰতিযোগিতাৰ ছিংগলছত এতিয়ালৈকে বৰ্তি থকা মায়াই হৈছে একমাত্র ভাৰতীয় খেলুৱৈ। আজি হ'বলগীয়া ছেমি ফাই...

February 8, 2025 12:45 PM

views 20

বৈধ নথি অবিহনে দেশত বাস কৰা ৭ জন বাংলাদেশী নাগৰিকক মুম্বাইৰ পৰা আটক

বৈধ নথি অবিহনে দেশত বাস কৰি থকা ৪ গৰাকী মহিলাসহ ৭ জন বাংলাদেশী নাগৰিকক মুম্বাইৰ পৰা আটক কৰা হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে এই লোককেইজনে বিগত প্রায় ৫ বছৰ ধৰি চেম্বুৰৰ মেহুলত বাস কৰি আছিল। আৰক্ষীৰ জেৰাত লোককেইজনে নিজকে বাংলাদেশৰ নাগৰিক বুলি চিনাকী দিয়াৰ লগতে ২০২০ চনৰ মাৰ্চৰ পৰা তেওঁলোকে কোনোধৰণৰ...

February 8, 2025 12:41 PM

views 76

শ্ৰীলংকাত দুদিনীয়াকৈ BIMSTEC ডিজিটেল সন্মিলন অনুষ্ঠিত

শ্ৰীলংকাৰ কলম্বোত ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি নিৰ্মাণ বিষয়বস্তুৰে দুদিনীয়াকৈ BIMSTEC ডিজিটেল সন্মিলন অনুষ্ঠিত হৈছে। শ্রীলংকাত থকা ভাৰতৰ উচ্চায়ুক্ত সন্তোষ ঝা, BIMSTEC-ৰ সাধাৰণ সচিব ইন্দ্ৰ মনি পাণ্ডে, দেশখনৰ উপ-মন্ত্রী এৰাংগা ৱুইৰা ৰত্নে আৰু চাতুৰাংগা আবেছিংঘেৰ উপস্থিতিত এই সন্মিলন উদ্বোধন কৰা হয়।...

February 8, 2025 12:39 PM

views 62

কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰালয়ৰ মহাকুম্ভ মেলাত পেভেলিয়ন স্থাপন

কেন্দ্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ মন্ত্ৰালয়ে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত এটা পেভেলিয়ন স্থাপন কৰিছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে এই পেভেলিয়নটোত চৰকাৰী বিভিন্ন আঁচনি আৰু সকলো ধৰণৰ অত্যাধুনিক সা-সুবিধা সজ্জিত এখন আদৰ্শ গাঁৱৰ আৰ্হি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। মন্ত্ৰ...