পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী অতুল বৰাই কালি গোলাঘাট জিলাৰ বোকাখাতৰ বান ক্ষতিগ্রস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ধনশিৰি নৈৰ মথাউৰি প্ৰত্যক্ষ কৰে। তেওঁ বিভাগীয় অভিযন্তাসকলক শীঘ্ৰে মথাউৰি মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে।
শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই যোৱা ১৯ জুলাইৰ পৰা শিৱসাগৰত বাহৰ পাতি বান ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ আৰু সাহায্য অভিযানৰ তদাৰক কৰি আছে। কালি মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী, মন্ত্ৰী কেশৱ মহন্ত, পীযুষ হাজৰিকা আৰু সুশান্ত বৰগোহাঁইৰ সৈতে জিলাখনৰ পানবেচাত বান পৰিস্থিতিৰ বুজ লয় ।