November 27, 2024 8:55 PM | Atal Innovation Mission

printer

অটল উদ্ভাৱন অভিযানৰ অধীনত গ্ৰামাঞ্চলত ৫,৬৯২টা অটল টিংকাৰিং পৰীক্ষাগাৰ স্থাপন

নিটি আয়োগৰ অটল উদ্ভাৱন অভিযানৰ অধীনত দেশৰ বিভিন্ন প্ৰান্তত ৰূপায়ণ কৰা ১০ হাজাৰ অটল টিংকাৰিং পৰীক্ষাগাৰ ভিতৰত ৫ হাজাৰ ৬৯২ টা গ্ৰামাঞ্চলত স্থাপন কৰা হৈছে। পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰাও ইন্দ্রজিৎ সিঙে আজি লোকসভাত এটা লিখিত উত্তৰত এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে অভিলাসী জিলাসমূহত এহেজাৰ ২২ টা আৰু অভিলাসী উন্নয়ন খণ্ডসমূহত ৩৭৫ টা এনে পৰীক্ষাগাৰ স্থাপন কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে অটল টিংকাৰিং পৰীক্ষাগাৰ হৈছে – যুৱক-যুৱতীসকলে নিজৰ অৱধাৰণাসমূহক আকাৰ দিব পৰা আৰু উদ্ভাৱনী দক্ষতা আহৰণ কৰিব পৰা সুকীয়া কেন্দ্ৰ।