আজি ৬৩ সংখ্যক সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচীৰে এই দিৱস উদযাপন কৰা হৈছে। গুৱাহাটীৰ পানীখাইটিৰ কেন্দ্ৰীয় প্রশিক্ষণ প্রতিষ্ঠানত এই দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হৈছে। অনুষ্ঠানত অসামৰিক প্ৰতিৰক্ষা বিভাগ আৰু গৃহৰক্ষী বাহিনীৰ জোৱানসকলে পেৰেড প্ৰদৰ্শন কৰাৰ লগতে অস্ত্র-শস্ত্র সঞ্চালনৰ সমৰকলা প্ৰদৰ্শন কৰে। তদুপৰি জৰুৰীকালীন সময়ত অথবা যুদ্ধৰ সময়ত ল’বলগীয়া সাৱধানতা তথা উদ্ধাৰ সম্পৰ্কীয় মকড্রিল প্রদর্শন কৰে। অনুষ্ঠানত মন্ত্রী ৰূপেশ গোৱালা, অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনীৰ সঞ্চালক প্রধানকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছে। তিনিচুকীয়া জিলাৰ বৰগুৰিত থকা অসামৰিক প্ৰতিৰক্ষা বিভাগৰ কাৰ্যালয়তো এই দিৱস উপলক্ষে বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
Assamese | December 6, 2025 12:19 PM | Assam
আজি ৬৩ সংখ্যক সদৌ ভাৰত অসামৰিক প্ৰতিৰক্ষা আৰু গৃহৰক্ষী বাহিনী দিৱস উদযাপন