গুৱাহাটী আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা ২০ জুনলৈ ৰাজ্যখনত বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ আশংকা কৰি ৰেড এলার্ট জাৰি কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি চিৰাং, বাক্সা, বৰপেটা, বঙাইগাঁও আৰু তামুলপুৰত মজলীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰ আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰই লগতে দক্ষিণ শালমাৰা, গোৱালপাৰা, বজালী, নলবাৰী আৰু কাৰ্বি আংলং জিলাতো ধাৰাসাৰ বৰষুণ হ’ব বুলি আগলি বতৰা দিছে।
Assamese | June 17, 2024 9:01 PM | assam weather red alert
ৰাজ্যত অহা ২০ জুনলৈ বিজুলী-ঢেৰেকনিৰে ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা, ৰেড এলাৰ্ট জাৰি