ৰাজ্য চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগে পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱা ৫ গৰাকী ব্যক্তিলৈ ২০২৪ বৰ্ষৰ পৰিৱেশ মিত্ৰ সন্মান আগবঢ়াইছে। কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা বিশ্ব প্রকৃতি নিধি ভাৰতৰ প্ৰতিষ্ঠাপক সদস্য সচিব ড০ অনিল কুমাৰ গোস্বামীলৈ পৰিৱেশ সংৰক্ষণ আৰু ৰাজ্যত এই সম্পৰ্কীয় শিক্ষাৰ প্ৰসাৰৰ বাবে এই সন্মান আগবঢ়োৱা হৈছে। গুৱাহাটী বিশ্বাবিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ প্ৰাক্তন অধ্যাপক তথা বিশিষ্ট পৰিৱেশ বিজ্ঞানী ড০ দুলাল চন্দ্ৰ গোস্বামীক নদী আৰু জলাশয় সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা আৱদানৰ বাবে পৰিৱেশ মিত্ৰ সন্মান আগবঢ়োৱা হৈছে। একেদৰে ওদালগুৰিৰ পৰিৱেশবিদ তথা সংৰক্ষণ কৰ্মী জয়ন্ত কুমাৰ দাসলৈ বন্যপ্ৰাণী আৰু প্ৰকৃতি সংৰক্ষণৰ বাবে আৰু উত্তৰ-পূৰ্বাঞ্চল খণ্ডৰ পাৰম্পৰিক ব্যৱস্থা তথা থলুৱা জ্ঞান পদ্ধতিৰে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়োৱা জয়ন্ত কুমাৰ শৰ্মালৈ এই বঁটা আগবঢ়োৱা হৈছে। তদুপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সংৰক্ষণ তথা পৰিৱেশ সাংবাদিকতাৰ বাবে বিশিষ্ট পৰিৱেশবিদ বোকাখাতৰ উত্তম শইকীয়ালৈ পৰিৱেশ মিত্ৰ সন্মান আগবঢ়োৱা হৈছে।
Assamese | December 6, 2024 9:11 PM | assam paribesh mitra award
ৰাজ্যৰ ৫গৰাকী ব্যক্তিলৈ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ পৰিৱেশ মিত্ৰ সন্মান